আজিৰ যুগ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ।বিজ্ঞানৰ ন ন আৱিষ্কাৰে মানৱ সভ্যতালৈ কঢ়িয়াই আনিছে জীৱন জীয়াৰ অভিনৱ কৌশল।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে মানৱ সভ্যতাত অভূতপূৰ্ব পৰিৱৰ্তন সাধিত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিয়ে ন ন যন্ত্ৰৰ আৱিস্কাৰ কৰিছে।টেলিফোন, ম'বাইল, টেলিভিছন, গ্ৰাম'ফোন, ৰেডিঅ',কেমেৰা আদি প্ৰযুক্তিবিজ্ঞানৰ উল্লেখযোগ্য অৱদান। তদুপৰি কুৰি শতিকাৰ এক গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ হৈছে কম্পিউটাৰ।যাক 'যান্ত্ৰিক মগজু' বুলিও কোৱা হয়। বিজ্ঞানৰ এই আৱিষ্কাৰ সমূহ মানৱ জীৱনৰ এতিয়া গুৰুত্বপূৰ্ণ অংগ। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈ বিজ্ঞানৰ আৱিষ্কাৰ সমূহৰ অবিহনে মানৱ জীৱন এতিয়া অচল।কুৰি শতিকাৰ শেষৰ ফালে ইণ্টাৰনেটৰ আৱিষ্কাৰে মানুহৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰলৈ যথেষ্ট পৰিৱৰ্তন কঢ়িয়াই আনিলে। সাম্প্ৰতিক সময়ত বিজ্ঞানে কম্পিউটাৰ আৰু ইণ্টাৰনেট চিষ্টেমটোক এনেদৰে গঢ়ি তুলিছে যে অনাগত যুগটোক সম্পূৰ্ণ ৰূপেই 'কম্পিউটাৰৰ যুগ' বুলি অভিহিত কৰিব পৰা যাব।
যান্ত্ৰিক সভ্যতাই চানি ধৰা এই জগতত মানুহ ক্ৰমাৎ বস্তুবাদী আৰু পাৰ্থিৱ সুখ-স্বাচ্ছন্দ্যৰ প্ৰতি অধিক আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে।ধন,সম্পদ,ঐশ্বৰ্য আৰু বিলাসীতা পূৰ্ণ জীৱনৰ প্ৰতি মানুহৰ ধাউতি ইমানেই বাঢ়িছে যে অপাৰ্থিৱ সুখ, আনন্দ,ভালপোৱা, নান্দনিক সৌন্দৰ্য আদিৰ কথা পাহৰি পেলাইছে। যান্ত্ৰিক সভ্যতাত মোহগ্ৰস্থ হোৱা আজিৰ মানুহে নিজৰ সন্তানকো যান্ত্ৰিক কৰি গঢ়ি তুলিছে। শিশু অৱস্থাতেই সন্তানৰ হাতত তুলি দিছে অত্যাধুনিক এটা ম'বাইল ফোন আৰু টেলিভিছন। আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক। সৰু অৱস্থাতে শিশুক যিদৰে ভাঁজ দিয়া হয়,ডাঙৰ হৈ সি সেইদৰেই গঢ় লয়। গতিকে শিশুক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অভিভাৱক সকল সচেতন হোৱা উচিত। এটা দিশৰ পৰা চাবলৈ গ'লে, সাম্প্ৰতিক সময়ত শিশুৰ জ্ঞান আহৰণৰ বাবে ম'বাইল ফোন, কম্পিউটাৰ অতি আৱশ্যকীয় বস্তু।বিশেষকৈ ক'ৰোণা মহামাৰী সময়ত শ্ৰেণীকোঠাত পাঠদান বন্ধ কৰিব লগীয়া হোৱাত "অনলাইন পাঠদান" ব্যৱস্থা অতি প্ৰয়োজনীয় হৈ পৰিল।যাৰ ফলত শিশুৰ হাতত এটা ম'বাইল ফোন বা কম্পিউটাৰ তুলি দিব লগীয়া হ'ল। তদুপৰি বিজ্ঞানৰ এই আৱিষ্কাৰ বোৰে ঘৰতে থাকিয়ে শিশুক দেশ-বিদেশৰ বিভিন্ন জ্ঞান আহৰণ কৰাত,সুপ্ত প্ৰতিভা সমূহ বিকশাই তোলাত যথেষ্ট পৰিমাণে সহায় কৰিছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সৎ প্ৰয়োগেৰে শিশুৰ সুপ্ত প্ৰতিভা সমূহ উলিয়াই অনাৰ এয়া এক উপযুক্ত সময়। কিন্তু অভিভাৱক সকলে শিশুক সময়ে-অসময়ে আজিকালি হাতত ম'বাইল ফোনটো তুলি দিয়া দেখিবলৈ পোৱা গৈছে।আজৰি সময়ত শিশুক মাক-দেউতাকে বা পৰিয়ালৰ আন লোকে খেলিবলৈ শিকোৱাৰ পৰিৱৰ্তে, সাধুকথা শুনোৱাৰ পৰিৱৰ্তে হাতত টি.ভি.ৰ ৰিৰ্মটটো, ভিডিঅ'গেইম নহ'লে বা ম'বাইল ফোন এটা তুলি দিয়ে।যি শিশুৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অতি ভয়ংকৰ।
শিশুৰ মানসিক, বৌদ্ধিক, শাৰীৰিক, চাৰিত্ৰিক আৰু নৈতিক বিকাশত সাধুকথা সমূহৰ ভূমিকা অপৰিসীম।লিখিত সাহিত্য সৃষ্টি হোৱাৰ পূৰ্বতেই মানুহৰ মুখে মুখে কিছুমান কাহিনী বা সাধুকথা প্ৰচলিত হৈ আহিছিল।যি সাধুকথাই শিশুৰ সাৰ্বজনীন বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। কালক্ৰমত মুখে মুখে প্ৰচলিত সাধুবোৰ পৃথিৱীৰ সকলো দেশতে লিখিত ৰূপ লাভ কৰি ৰসোত্তীৰ্ণ সাহিত্য হিচাপে পৰিগণিত হ'ল।সাধুৰ দ্বাৰা শিশুৰ ভাষা জ্ঞান বঢ়াৰ লগতে শব্দৰ ভঁৰালো চহকী হয়। শিশুক সততা,নম্ৰতা,ভদ্ৰতা আদি সজগুণ সমূহ বৃদ্ধি কৰোৱাৰ ক্ষেত্ৰত সাধুকথা সমূহ অতি উত্তম। শিশুৰ মন কল্পনাপ্ৰৱণ। শিশুৰ জিজ্ঞাসু মনটোৱে সদায় কল্পনাৰ জগতত উটি-ভাহি ফুৰে।সেয়ে শিশুৰ সৰল মনটোক মনোৰম সাধুকথা সমূহে সহজে আকৰ্ষিত কৰে। শিশুৰ মনত সাধুকথা সমূহে এনেধৰণৰ সাঁচ বহুয়াই যি পৰিপক্ক হৈ উঠাৰ পাছতো সাধুকথাৰ সেই স্মৃতি চকুৰ আগত ভাস্বত হৈ থাকে। প্ৰতিটো সাধুকথাই কাহিনীৰ অন্তত এটা নীতিশিক্ষা শিশুৰ বাবে এৰি থৈ যায়,যি শিশুৰ বাবে অতি প্ৰয়োজনীয়।প্ৰেম-ভালপোৱা,ভক্তি-স্নেহ,ঈৰ্ষা-অসূয়া,জীয়াই থকাৰ স্পৃহা, জনবিশ্বাস, কু-সংস্কাৰ আদি আদিম ভাব-অনুভূতি সমূহৰ সৰল আৰু মুকলি প্ৰকাশ ঘটে সাধুকথা সমূহত।ইয়ে শিশুৰ নৈতিক আৰু বৌদ্ধিক বিকাশত যথেষ্ট অৰিহণা আগবঢ়ায়।কিন্তু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে লগে আমাৰ মাজৰ পৰা মনোৰম সাধুকথা সমূহ হেৰাই যাবলৈ ধৰিছে।যান্ত্ৰিকতা আৰু আধুনিকতাৰ কৰাল গ্ৰাসত তামুলৰ হাঁচতিখন খুলি আইতাই মেলি লোৱা সাধুকথাৰ থূনপাক;জোনাকৰ পোহৰত জোন-তৰা চাই সাধুকথা শুনাৰ সেই জীপাল সময় এতিয়া মাথোঁ অতীত হৈছে।
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু প্ৰসাৰৰ পূৰ্বে মানুহৰ ঘৰে-ঘৰে আছিল এখন সাধুকথাৰ মনোৰম জগত।যি জগতত এন্ধাৰ ৰাতি মুকলি আকাশৰ তলত বহি বুঢ়ীমাক-ককাদেউতাকে নাতি ল'ৰা-ছোৱালীক সাধুকথা শুনাইছিল। সাধুকথা বোৰে শিশু সকলক লৈ গৈছিল জোন-বেলি-তৰা,গছ-লতিকা,পশু-পক্ষী আৰু মানুহৰ মাজত থকা এখন সমিলমিল জগতলৈ। সাধুকথা বোৰৰ জৰিয়তে শিশুৱে হাবিৰ গছ-লতিকা,ফল-ফুল,পশু-পক্ষীৰ ভাষা বুজি পাইছিল; নদ-নদীক ভাল পাবলৈ শিকিছিল। পখিলাৰ পিছে পিছে দৌৰিবলৈ শিকিছিল। সাধুকথা বোৰে শিশুক জীৱন আৰু জগত সম্পৰ্কীয় বিচিত্ৰ অভিজ্ঞতা আৰু জ্ঞান লাভ কৰাত সহায় কৰিছিল।বিভিন্ন উপদেশ আৰু নীতিশিক্ষাৰে ভৱিষ্যতে এজন প্ৰকৃত মানুহ হোৱাত সহায় কৰিছিল। কিন্তু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে-লগে, ম'বাইল ফোন, টেলিভিছন আদি যন্ত্ৰবোৰৰ আৱিষ্কাৰৰ লগে-লগে সাধুকথাৰ সেই জগত খন শিশুৰ মাজৰ পৰা হেৰাই গ'ল, শৈশৱৰ সেই মনোৰম সময়খিনিও বিলুপ্ত হ'ল। যান্ত্ৰিক বস্তুবোৰে শিশুৰ হৃদয় খনো যান্ত্ৰিক কৰি তুলে, কিন্তু সাধুকথা বোৰে শিশুৰ মাজত গঢ়ি তুলে অনুভূতিৰে সিক্ত এখন সৰস হৃদয়, সংবেদনশীল হৃদয়।
পূৰ্বতে আজৰি সময়ত অভিভাৱকে সন্তানক সাধুকথা শুনাইছিল। কিন্তু সাম্প্ৰতিক সময়ত মাক-দেউতাকে শিশুৰ হাতত তুলি দিয়ে এটা ম'বাইল ফোন বা সন্মুখত খুলি দিয়ে এটা অত্যাধুনিক টি.ভি।টি.ভি. চেনেলৰ কাৰ্টুনবোৰক লৈ, ম'বাইল ফোনত পোৱা বন্দুক-বাৰুদ থকা কাহিনীবোৰক লৈ আজিৰ শিশু ব্যস্ত। এইবাৰে জানো শিশুৰ নৈতিক, বৌদ্ধিক, সামাজিক আৰু চাৰিত্ৰিক বিকাশত সহায় কৰিব পাৰে? নিশ্চয় নোৱাৰে! যাৰ ফলত আজি শিশু হৈ পৰিছে উশৃংখল,উদণ্ড আৰু খঙাল।যান্ত্ৰিক যুগত মানুহৰ মনবোৰো যান্ত্ৰিক হ'ল। আধুনিকতাৰ ধামখুমীয়াত আজিৰ আইতাক বোৰেও নাতি - নাতিনীয়েক হঁতক সাধুকথা শুনোৱাবলৈ অনীহা প্ৰকাশ কৰা হ'ল।যাৰ ফলত আজিৰ শিশুৱে ম'বাইল, লেপটপ, টেলিভিছনৰ কাৰ্টুনৰ লগত ব্যস্ত থাকিয়ে ভাল পোৱা হ'ল।'বুঢ়ী আইৰ সাধু','ককাদেউতা আৰু নাতি ল'ৰা','ঈছপৰ সাধু' আদি সাধুকথাৰ পুথিবোৰ শিশুৰ বাবে বিৰক্তিৰ আৰু আমনিদায়ক হ'ল।তাৰ পৰিৱৰ্তে ম'বাইল ফোনত পোৱা বন্দু-বাৰুদ থকা ভিডিঅ'বোৰ, টেলিভিছনৰ বিভিন্ন কাৰ্টুনবোৰ শিশুৰ প্ৰিয় হ'ল।ইয়ে শিশুৰ ভৱিষ্যতত বিৰূপ প্ৰভাৱ পেলাব।মাক-দেউতাক,ককাক-আইতাক আৰু অন্যান্য আত্মীয় সকলৰ লগত অন্তৰংগ আলাপ কৰিবলৈ নোপোৱাৰ ফলত;আত্মিক,চেনেহভৰা সম্পৰ্ক এটা গঢ়ি তুলিবলৈ নোপোৱাৰ ফলত ভৱিষ্যতে ডাঙৰ হৈ ল'ৰা-ছোৱালীয়ে মৰমৰ মূল্য বুজি নোপোৱা হ'ব। মাক-দেউতাকক নিচিনা হ'ব। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰে পৃথিৱী খন যান্ত্ৰিক কৰি তোলাৰ দৰে মানুহৰ মনবোৰো যান্ত্ৰিক হ'ব, বৰ্তমান সময়তকৈ অধিক মানুহৰ মনবোৰ বস্তুবাদী হ'ব।
সাম্প্ৰতিক সময়ত শিশুৰ বিজ্ঞান আকৃষ্ট মনটোৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান অসাধু ব্যৱসায়ীয়ে শিশুৰ বাবে নানা তৰহৰ পুতলা বন্দুক, পিষ্টল আদি তৈয়াৰ কৰি বজাৰত মেলি দিছে। টেলিভিছন, ম'বাইল ফোনৰ প্ৰভাৱত শিশুসকল এই মৰণাস্ত্ৰৰ প্ৰতি আকৰ্ষিত হয় আৰু অভিভাৱকেও কোনো ধৰণৰ চিন্তা নকৰাকৈ এই পুতলা বন্দুক, পিষ্টল বোৰ শিশুৰ হাতত তুলি দিয়ে। বন্দুক, পিষ্টলৰ দৰে মৰণাস্ত্ৰ বোৰ হাতত তুলি লোৱাৰ লগে-লগেই শিশুৰ কোমল মনত হত্যা,হিংসাৰ এক বাসনা জাগি উঠে। তদুপৰি টেলিভিছনৰ চেনেলত সঘনাই সম্প্ৰচাৰিত হোৱা হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ কাহিনী ভৰা ধাৰাবাহিক নতুবা চিনেমা চোৱাত শিশুসকল অভ্যস্ত হৈ পৰিছে। চিনেমা, ধাৰাবাহিকত দেখিবলৈ পোৱা অপৰাধ প্ৰৱণতাই ক্ৰমে ক্ৰমে শিশুৰ মানসিকতাতো প্ৰভাৱ বিস্তাৰ কৰিব।শিশুৰ মনত সৃষ্টি হোৱা এই নেতিবাচক প্ৰভাৱে ভৱিষ্যতে শিশুক যে এজন অপৰাধী কৰি তুলিব,সেয়া নিৰ্মম সত্য।
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ, সাধুকথাৰ বিলুপ্ত প্ৰায় অৱস্থা আৰু শিশুৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ ফলত আজিৰ শিশু কাইলৈ হৈ পৰিব আৱেগহীন,অনুভূতিহীন,যান্ত্ৰিক আৰু বস্তুবাদী।মানৱীয় প্ৰমূল্যবোধ হ'ব অস্তিত্বহীন। গতিকে সময় থাকোঁতেই আমি এলাগী হ'বলৈ ধৰা এই অমূল্য সাহিত্যৰাজিক শিশুৰ মাজত বিলাই দি সঠিক পথ নিৰ্দেশনাৰে ভৱিষ্যতে এজন সৰ্বাঙ্গ সুন্দৰ মানসিকতাৰ অধিকাৰী হোৱাৰ সম্ভাৱনীয়তা গঢ়ি তুলিব লাগিব।এখন সুস্থ-সবল সমাজ গঢ়িবলৈ আজিৰ শিশুৰ মাজত সাধুকথাৰ চৰ্চা আৰু সাধুকথাৰ পুথি অধ্যয়ন অতি প্ৰয়োজন।
No comments:
Post a Comment