আধুনিক অসমীয়া সাহিত্যৰ ইতিহাসত মামণি ৰয়ছম গোস্বামী এটি উজ্বল নক্ষত্ৰ। অসমীয়া চুটিগল্প আৰু উপন্যাস সাহিত্যক বিকাশ আৰু সমৃদ্ধি দান কৰাৰ ক্ষেত্ৰত এইগৰাকী লেখিকাৰ বৰঙণি অবিস্মৰণীয়।ন সৃষ্টিশীলতাৰ নতুন উন্মেষেৰে উজ্জ্বীৱিত হৈ মামণি ৰয়ছম গোস্বামীয়ে আধুনিক অসমীয়া সাহিত্য জগতক বিবিধ সাহিত্য সৃষ্টিৰে সমৃদ্ধ কৰি থৈ গৈছে।১৯৪২ চনত জন্মগ্ৰহণ কৰা মামণি ৰয়ছম গোস্বামীয়ে প্ৰথম অৱস্থাত চুটিগল্প ৰচনাৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰিলেও সত্তৰৰ দশকত উপন্যাসৰ ক্ষেত্ৰলৈ তেওঁৰ উত্তৰণ ঘটে।মামণি ৰয়ছম গোস্বামীয়ে উপন্যাসৰ সমল আহৰণৰ বাবে যথেষ্ট কষ্ট কৰিছিল।তেওঁ লেখাৰ পটভূমিলৈ নিজে গৈ,সেই মানুহ বোৰক লগ কৰি তেওঁলোকৰ হৃদয়ৰ ভাষা বুজি আহিছিল।সেয়েহে তেওঁৰ উপন্যাসত বাস্তৱ সমাজৰ সুন্দৰ প্ৰতিফলন ঘটিছে।
মামণি ৰয়ছম গোস্বামীয়ে 'চেনাবৰ সোঁত','নীলকণ্ঠী ব্ৰজ','অহিৰণ','মামৰে ধৰা তৰোৱাল','বুদ্ধসাগৰ ধূসৰ গইসা আৰু মহম্মদ মুছা' (এই উপন্যাসখন 'মামৰে ধৰা তৰোৱাল' শীৰ্ষক গ্ৰন্থত সন্নিৱিষ্ট হৈছে), 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা','সংস্কাৰ', 'উদয়ভানুৰ চৰিত্ৰ ইত্যাদি' (তিনিখন উপন্যাসৰ সংকলন), 'জখমী যাত্ৰী', 'তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা'(চাৰিখন উপন্যাস আৰু দুটা গল্প সংগ্ৰহ),'ছিন্নমস্তাৰ মানুহটো','থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল' আদি উপন্যাস কেইখন ৰচনা কৰি উপন্যাস সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।'আধা ঘণ্টা সময়'(১৯৭৮) তেওঁৰ দ্বাৰা অনুদিত উপন্যাস। এই গ্ৰন্থখনৰ মূল হৈছে মালয়ালম উপন্যাস 'Ananazhikaneram'।মামণি ৰয়ছম গোস্বামীয়ে ১৯৮২ চনত 'মামৰে ধৰা তৰোৱাল' উপন্যাস খনৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল।
'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' মামণি ৰয়ছম গোস্বামীৰ বাস্তৱ সমাজৰ জীৱন্ত প্ৰতিফলন ঘটা এখন জনপ্ৰিয় উপন্যাস।উপন্যাস খনৰ কাহিনীভাগৰ পটভূমি হৈছে দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ।দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰত কটোৱা শৈশৱ আৰু যৌৱনৰ এছোৱা কালৰ অভিজ্ঞতাৰ লগত কল্পনাৰ কিছু ৰহণ সানি ঔপন্যাসিকাই উপন্যাস খন ৰচনা কৰিছে।অবিভক্ত কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰত অৱস্থিত আমৰঙা দামোদৰীয়া সত্ৰৰ বিভিন্ন ঘটনা-উপঘটনা তথা আমৰঙা অঞ্চলৰ পৰম্পৰাগত সমাজখনৰ ৰক্ষণশীলতা, সামন্তীয় প্ৰথা,কু-সংস্কাৰ, অন্ধবিশ্বাস, ব্যভিচাৰ আদি চিত্ৰৰ বৰ্ণনা আৰু সিবোৰৰ মাজত বিধৱা নাৰীৰ যাতনা-অৱদমিত বাসনা আৰু আৱেগ-অনুভূতিৰ অন্তস্পৰ্শী বিৱৰণ দাঙি ধৰিছে তেওঁ এই উপন্যাসখনত।
'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' উপন্যাস খনত কাহিনীৰ মাজেৰে সমাজত পৰম্পৰাগত ভাৱে চলি অহা অন্ধবিশ্বাস,কু-সংস্কাৰ তথা ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে এক প্ৰতিবাদ আৰু এনে ধ্যান-ধাৰণাৰ অৱসান ঘটাই এখন নতুন সমাজ গঢ়াৰ প্ৰয়াস প্ৰতিফলিত হৈছে। উপন্যাসখনৰ পাতনিত ঔপন্যাসিকাই কৈছে---- "এই পৃথিৱীত মানুহে মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰাৰ এক মূক প্ৰতিধ্বনি অন্ত:সলিলাৰ দৰে উপন্যাসখনৰ মাজেৰে প্ৰবাহিত কৰাৰ চেষ্টা কৰা হৈছে।"
উপন্যাসখনত দেখিবলৈ পোৱা যায় ৰজাঘৰৰ পৰা ভূমি দানসূত্ৰে লাভ কৰা দক্ষিণ কামৰূপৰ এখন দামোদৰীয়া সত্ৰ।সেই সত্ৰৰ ভাবী সত্ৰাধিকাৰ হ'ল ইন্দ্ৰনাথ।উচ্চ বংশৰ হ'লেও তেওঁৰ কোনো গৰ্ব,অহংকাৰ নাছিল।সেয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৈতে সমিলমিলেৰে তেওঁ চলিব বিচাৰিছিল।সমাজত পৰম্পৰাগত ভাৱে চলি অহা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সমূহৰ অৱসান হোৱাটো তেওঁ কামনা কৰিছিল, কিন্তু সত্ৰৰ সম্ভ্ৰান্ত পৰিৱেশত ডাঙৰ-দীঘল হোৱা ইন্দ্ৰনাথৰ বাবে সামন্তবাদৰ সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি তাৰ বিপক্ষে থিয় হোৱাৰো সম্ভৱ নাছিল। সেয়েহে বংশ-পৰিয়ালক দুখী কৰিব নোৱাৰা ইন্দ্ৰনাথ এক দোদোল্যমান অৱস্থাত ওলমি ৰৈছিল।দিনে দিনে কানি বৰবিহৰ প্ৰভাৱত পৰি সৰ্বসাধাৰণ মানুহ অধ:পতনৰ ফালে ধাৱমান হোৱা দেখিও তেওঁ তাৰ বিৰুদ্ধে সবল পদক্ষেপ ল'বলৈ সক্ষম হোৱা নাছিল।
ইন্দ্ৰনাথৰ পেহীয়েক দূৰ্গা আৰু ভনীয়েকে গিৰিবালা হৈছে বিধৱা নাৰী।চিকাৰহাটীৰ গোসাঁই পৰিয়াললৈ ইন্দ্ৰনাথৰ পেহীয়েকক বিয়া দিয়া হৈছিল।কিন্তু গিৰিয়েকৰ মৃত্যুৰ পাছত পেহীয়েকক ইন্দ্ৰনাথে আমৰঙালৈ লৈ আহে।বঙৰা সত্ৰৰ লাতু গোসাঁইৰ সৈতে গিৰিবালাৰো বিয়া হৈছিল কিন্তু বিয়াৰ কিছুদিনৰ পাছতে পেহীয়েকৰ দৰে গিৰিবালাও স্বামীহাৰা হ'ব লগা হয়।
সেই সময়ৰ সমাজখনত বিধৱা নাৰী এগৰাকীয়ে কঠোৰ নীতি-নিয়ম মানি চলিব লগীয়া হৈছিল। উচ্চ বৰ্ণৰ হিন্দু বিধৱা নাৰী হিচাপে দূৰ্গা আৰু গিৰিবালাইও সেয়ে অত্যন্ত নীতি-নিয়মৰ মাজৰে কঠোৰ বিধৱা ব্ৰত পালন কৰিবলৈ বাধ্য হৈছিল। উপন্যাসখনত দেখিবলৈ পোৱা যায় দূৰ্গা গিৰিয়েকৰ মৃত্যুৰ পিছত শহুৰেকে তেওঁৰ পুত্ৰৰ মৃত্যু দূৰ্গাৰ কোষ্ঠীত থকা পাপ গ্ৰহৰ বাবে হোৱা বুলি তাইক দোষাৰোপ কৰিছে।বিধৱা হোৱাৰ পাছত তাইক সমাজত কোনো মাংগলিক কামতে ভাগ ল'বলৈ দিয়া নাই।দূৰ্গাইও সমাজৰ এই ৰীতি-নীতি বোৰ বিনা প্ৰতিবাদে মানি লৈছে।এই সম্পৰ্কে উপন্যাস খনত পোৱা যায় এনেদৰে--"বিধৱা হোৱাৰ সেই বছৰৰ এটা আমতিৰ পৰা আনটো আমতিৰ অহাৰ সময়লৈকে দূৰ্গা যেন ভূতেই হৈ গ'ল। শহৰৰ ঘৰত প্ৰেতনীৰ দৰে কাথিত বহি তুঁহ জুই পুৱাই থকা একপ্ৰকাৰ অভ্যাসতেই পৰিণত হ'ল।......"
পুৱা-গধূলি মৃত স্বামীৰ খৰমত ফুল দিয়া,খোৱা বোৱাৰ,পিন্ধা উৰাৰ সকলো নীতি নিয়ম এফালৰ পৰা মূৰৰ চুলি এডালো লৰচৰ নোহোৱাকৈ পালন কৰি গৈছিল। তাইৰ ইচ্ছা আছিল কাশীৰ পাণ্ডাসকলৰ লগত গৈ তীৰ্থ কৰি মৃত স্বামীৰ অস্থি বিৰ্সজন দিয়াৰ।কিন্তু হাতত ফুটা কড়ি এটাও নথকাত,স্বামী গৃহৰ পৰা প্ৰাপ্য সম্পত্তিৰ ভাগো নোপোৱাত দুৰ্গাৰ আশা কোনো দিনেই পুৰণ হোৱা নাছিল। পিতৃ গৃহলৈ ইন্দ্ৰনাথে তাইক লৈ অনাৰ পাছত তাই সদায় বাট চাইছিল, স্বামীৰ গৃহৰ পৰা কোনোবাই তাইক নিবলৈ আহিব বুলি। কিন্তু তাইৰ সেই আশাও পূৰণ হোৱা নাছিল। ভালেমান দিন পাৰ হৈ যোৱাৰ পাছতো তাইক নিবলৈ কোনোৱে অহা নাছিল।দূৰ্গাই পিতৃ গৃহতো বিধৱাৰ কঠোৰ নীতি-নিয়ম মানি চলাৰ ফলত শৰীৰ শুকাই একেবাৰে প্ৰেতনীৰ দৰে হৈ পৰিছিল।দুৰ্গাৰ এনে কুৎসিত ৰূপৰ বৰ্ণনা ঔপন্যাসিকাই দিছে এনেদৰে--- "হাত ভৰি শুকান, ডিঙিৰ ভিতৰখনো যেন কাঠৰ দৰে শুকান।তিৰোতাবোৰে কয় লেং পেংকে চাওঁৰা তিৰীতুক মেখেলা আৰু গাতালা পিন্ধিলি আজিকালি কাউৰীয়া বুঢ়াই সৰীত বেচিব নিয়া মাটিৰ প্ৰেতনী হান লাগে।"
দুৰ্গাই কেৱল নিজেই সেই আতি গুৰি নথকা নিয়মবোৰ পালন কৰা নাছিল আনকি তাই গিৰিৱালাকো সেই নিয়মবোৰ পালন কৰিবলৈ বাধ্য কৰোৱাইছিল। কিন্তু দূৰ্গাৰ দৰে এই কঠোৰ নিৰৰ্থক নীতি-নিয়ম নিৰ্বিবাদে মানি ল'ব পৰা নাছিল গিৰিবালাই।সেই সময়ছোৱাতে গিৰিবালাৰ জীৱনলৈ আগমন ঘটিছিল মাৰ্ক চাহাব নামৰ খ্ৰীষ্টান লোক এজনৰ। পৰিৱৰ্তনকামী ইন্দ্ৰনাথে সত্ৰৰ পুথি-পাঁজিবোৰ অধ্যয়ন কৰিবলৈ বিচৰা খ্ৰীষ্টান পুৰুষ মাৰ্ক চাহাবক সত্ৰলৈ মাতি আনিছিল।গৱেষণা কৰিবলৈ অহা মাৰ্ক চাহাবক পুৰণি পুথি-পাঁজিবোৰ যুগুতাই দি গৱেষণাৰ কামত সহায় কৰিছিল গিৰিবালাই। অৱশ্যে এই কাম কৰিবলৈ ককায়েক ইন্দ্ৰেনাথেই তাইক আগবঢ়াই দিছিল।মাৰ্ক চাহাবৰ সান্নিধ্যত থাকি লাহে লাহে গিৰিবালাৰ অন্তৰত তেওঁৰ প্ৰতি প্ৰেমৰ ভাৱ সৃষ্টি হয়। তেওঁৰ লগত এক নতুন জীৱন আৰম্ভ কৰাৰ সপোন দেখিবলৈ লয় গিৰিবালাই।মাৰ্কেও তাইৰ প্ৰতি সমবেদনা অনুভৱ কৰিছিল।কিন্তু সমাজে তাইৰ এই সপোন পূৰ হ'বলৈ নিদিলে। তাইৰ এই প্ৰেমক ব্যভিচাৰৰ নাম দি সমাজে সেই কামক পাপ হিচাপে ল'লে আৰু প্ৰায়শ্চিত্ত কৰিবলৈ ক'লে।যাৰবাবে গিৰিবালাই প্ৰায়শ্চিত্তৰ বিধি অনুসৰি 'মেষ দাহ'ৰ জুইত আত্মজাহ দিলে। কিন্তু আচৰিত কথা যিখন সমাজত নীতি-নিয়মক লৈ,জাত-পাতক লৈ ইমান বিচাৰ কৰা হৈছিল,নাৰীৰ প্ৰতি ইমান বিচাৰ কৰা হৈছিল,য'ত সত্ৰৰ অধিকাৰৰ পৰিয়ালক 'গোসাঁই' বুলি মূৰত তুলি লোৱা হৈছিল,সেই তথাকথিত গোসাঁই সকলৰে বিবাহ বহিৰ্ভূত অব্ৰাক্ষণ বা 'শূদিৰীয়া তিৰী'ৰ সৈতে সম্পৰ্ক আছিল,যাৰ ফলশ্ৰুতিত অবৈধ সন্তানৰো জন্ম হৈছিল। গিৰিবালা বিধৱা হোৱাৰ আগতেই তেওঁৰ স্বামী তেনে এগৰাকী পৰস্ত্ৰীৰ প্ৰতি আসক্ত আছিল। কিন্তু পুৰুষতান্ত্ৰীক তথা সামন্তবাদী ধ্যান-ধাৰণাৰে পুষ্ট সমাজখনে তথাকথিত প্ৰভুসকলৰ তথা পুৰুষৰ কোনো ধৰণৰ কাৰ্যৰে বিৰুদ্ধাচৰণ কৰাৰ সাহস কৰিব পৰা নাছিল।
উপন্যাসখনত দেখিবলৈ পোৱা যায় ইন্দ্ৰনাথেও সামন্তবাদী সমাজ ব্যৱস্থাত সত্ৰাধিকাৰ গোসাঁইতকৈ বহুত তলৰ পূজাৰী বামুণৰ মাতৃহীনা যুৱতী ইলিমনৰ প্ৰতি হৃদয়ত গভীৰ প্ৰেম থকাৰ পাছতো বংশগৌৰৱৰ কথা চিন্তা কৰি আগবাঢ়িব পৰা নাই।ইলিমনৰ বাপেক আছিল কানিৰ প্ৰতি ঘোৰ আসক্ত ব্যক্তি।কানিৰ বাবেই বাপেকে জীয়েকৰ কথা এবাৰো চিন্তা নকৰি কানিৰ চোৰাং বেপাৰ কৰা আদবয়সীয়া কোচবিহাৰৰ বামুণ মানুহটোৰ হাতত সঁপি দিব বিচাৰিছে। ইন্দ্ৰনাথে এই কথা গ'ম পাই কানিৰ চোৰাং বেপাৰ কৰা মানুহটোক পুলিচৰ হাতত ধৰাই দিছে।
ইয়াৰ উপৰিও উপন্যাস খনত আৰু বহুতো সৰু-বৰ ঘটনাই কাহিনী আগবঢ়াই নিয়া দেখিবলৈ পোৱা গৈছে। উপন্যাসখনত বৰ্ণিত সৰু গোসাঁনী চৰিত্ৰটোৰ জীৱনৰ কাহিনীয়েও উপন্যাস খনৰ কাহিনীভাগক এক নতুন গতি দান কৰে।সৰু গোসাঁনী সত্ৰৰ অধিকাৰী মহাপ্ৰভুৰ সৰু ভায়েক ৰামানন্দ গোস্বামীৰ পত্নী আৰু পাত হালধীয়াৰ জীয়ৰী। গিৰিয়েকৰ মৃত্যুৰ পিছত সৰু গোসাঁনীয়ে নিজেই শিষ্যক হৰণ দিয়াৰ কাম আৰম্ভ কৰিছিল।সৰু গোসাঁনীয়ে নিজেই সকলোবোৰ সম্পত্তি চোৱা মেলা কৰিছিল যদিও দূৰণিৰ মাটি বাৰীবোৰ তদাৰক কৰিবলৈ হেৰামদৰ মহীধৰ বাপুক নিজৰ সঙ্গী কৰি লৈছিল।এজন পুৰুষক এনেদৰে একেটা ঘৰৰ ভিতৰত থোৱাৰ বাবে অনেকেই সৰু গোসানী আৰু মহীধৰ বাপুক লৈ অনেক কথা কয়।কিন্তু সৰু গোসানীয়ে সেইবোৰলৈ কোনো কাণ নিদিয়ে।এয়া তেওঁৰ সাহস।ইন্দ্ৰনাথেও এই সৰু গোসাঁনীৰ সাহসক সন্মান কৰে। উপন্যাসখনত দেখিবলৈ পোৱা যায় লাহে লাহে সৰু গোসাঁনীৰ নিঃসংগ জীৱনত সংগী হিচাপে দেখা দিছে মহীধৰ বাপুৱে।তেওঁ মহীধৰ বাপুৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ পৰিছে। কম বয়সতে বিধৱা হোৱা সৌন্দৰ্যৱতী সৰু গোসাঁনীয়ে স্বাভাৱিকতেই সুস্বাস্থ্যৰ অধিকাৰী মহীধৰ বাপুৰ প্ৰতি কিবা এক আকৰ্ষণ অনুভৱ কৰিছিল। উপন্যাসখনত ঔপন্যাসিকাই তেওঁৰ সৌন্দৰ্যৰ বৰ্ণনা দিছে এনেদৰে------"সৰু গোসাঁনী অত্যন্ত সুগঢ়ী তিৰোতা।মানুহে কয়,অন্ধকাৰ ৰাতিও মানুহে গোঁসানীৰ নাক,চকু,মুখ স্পষ্টভাৱে দেখা পায়।কাৰণ তেওঁৰ গাঁৰ বৰণ যুদ্ধৰ দিনত মিৰ্জাৰ কেম্পত থকা চাহাবসকলৰ গাঁৰ বৰণৰ দৰে।"
কিন্তু মহীধৰ বাপু আছিল অসৎ প্ৰকৃতিৰ লোক।সৰু গোসাঁনীৰ প্ৰতি তেওঁৰ অন্তৰত কোনো ভাল ভাৱ নাছিল।এদিন দূর্গাই অত্যন্ত বিশ্বাস কৰি নিজৰ টিনৰ বাকচটো সৰু গোসাঁনীৰ ওচৰত থৈছিল।দুর্গাই সৰু গোসাঁনীক সন্মান কৰিছিল আৰু বিশ্বাসো কৰিছিল। কিয়নো সৰু গোসাঁনীয়ে সকলোকে সৎ আৰু প্ৰকৃত পথৰ পৰিচয় কৰাই দিছিল।দূর্গা, গিৰিবালা সকলোৰে প্ৰতি তেওঁৰ সমবেদনা আছিল।সেয়ে দূৰ্গাই নিজৰ মূল্যবান সম্পত্তি থকা বাকচটো সৰু গোসাঁনীৰ ওচৰত থৈছিল গৈ।অৱশ্যে থোৱাৰ সময়ত তাই অলপ ভয়ো কৰিছিল। শেষত তাইৰ সেই ভয়ে বাস্তৱ হ'ল।মহীধৰ বাপুৱে দূৰ্গাৰ পেৰাটোৰ পৰা মূল্যৱান সামগ্ৰীসমূহ চুৰি কৰি লৈ গ'ল।দূর্গাৰ পেৰাটোৰ পৰা মূল্যবান সামগ্ৰী চুৰি হোৱাত সকলোৱে মহীধৰ বাপুক সন্দেহ কৰিছিল যদিও সৰু গোসাঁনীয়ে সেই কথা মানি ল'ব পৰা নাছিল আৰু তেওঁ মহীধৰ বিপুল নিৰ্দোষিতাৰ প্ৰমান কৰিছিল।সৰু গোসাঁনীয়ে মুঠেই মানি ল'ব পৰা নাছিল যে মহীধৰ বাপুৱেই এই কাৰ্যৰ লগত জড়িত। কিন্তু বিচাৰ-খোচাৰ কৰিলত দুৰ্গাৰ সা-সামগ্ৰীবোৰ মহীধৰ বাপুৰ মোনাত পোৱা গৈছিল।যিটো মানুহক তেওঁ প্ৰাণতকৈও বেছি ভাল পাইছিল, যাৰ বাবে তেওঁ সকলো ত্যাগ কৰিবলৈ সাজু আছিল তেওঁৰ এনে কাৰ্য দেখি সৰু গোসাঁনীৰ মূৰত যেন আকাশ খন খহিহে পৰিছিল।ধৰ্ম,ত্যাগ আৰু প্ৰেমৰ এনে কৰুণ পৰিণতিত গোঁসানীৰ মানসিক অৱস্থাৰ চিত্ৰণ লেখিকাই ব্যঞ্জনাত্মক ভাষাৰে দিছে এনেদৰে----- "সৰু গোঁসানীৰ গাৰ ছালখন কোনোবাই যেন বখলিয়াবলৈ ধৰিলে।"
'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' এখন বাস্তৱধৰ্মী উপন্যাস। উপন্যাসখনৰ নামটোতেই এক প্ৰতীকী ব্যঞ্জনা আছে। দঁতাল হাতীৰ পিঠিত হাওদা, এক সম্ভ্ৰান্ত প্ৰতিপত্তিৰ চিন আৰু এই হাওদাত যি উয়ে খাইছে সেয়া হ'ল নতুন যুগৰ পৰিৱৰ্তিত সমাজে ব্যৱস্থাত প্ৰাচীন পৰম্পৰা আৰু কু-সংস্কাৰৰ অৱক্ষয়। উপন্যাসখনৰ শেষৰ ফালে দেখিবলৈ পোৱা যায় জগন্নাথ নামৰ হাতীটো পাগল হৈছে। মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা জগন্নাথে এদিন তাৰ পিঠিত থকা কাৰুকাৰ্যখচিত হাওদা খন শুৰেৰে আছাৰি,ভৰিৰে গচকি টুকুৰা-টুকুৰকৈ ভাঙি পেলাইছে।তেতিয়াহে দেখা গৈছে হাতীটোৰ পিঠিত ভালকৈ লাগি ধৰিবৰ বাবে হাওদা খনৰ তলত লোহাৰ জোঙা খুৰা লগাই থোৱা আছিল,যাৰ ফলত সুদীৰ্ঘকাল সেই খোঁচৰ যন্ত্ৰণা সহি থাকিব লগা হৈছিল জগন্নাথে।এই ঘটনা কাৰ্য সামন্তবাদী সমাজ ব্যৱস্থাত চিৰদিন চলি থকা নিম্ন বৰ্ণৰ প্ৰজাসকল আৰু নাৰীৰ প্ৰতি শোষণ তথা সেই শোষণৰ তীব্ৰ প্ৰতিবাদৰ প্ৰতীক বুলি ক'ব পাৰি।
তদুপৰি উপন্যাস খনত দেখিবলৈ পোৱা যায় কমিউনিজমৰ আদৰ্শই প্ৰভাৱিত কৰা এটি অঞ্চলত ৰায়ত সকলৰ মাটি হস্তান্তৰ কৰিবলৈ যোৱা ইন্দ্ৰনাথক দেখি সামন্তবাদৰ প্ৰতিনিধি বুলি ভুল বুজি বিদ্ৰোহী সকলে তেওঁক নিৰ্মমভাৱে হত্যা কৰিছে।
মামণি ৰয়ছম গোস্বামীৰ বলিষ্ঠ প্ৰকাশভংগীত 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' এখন সৰ্বাংগ সুন্দৰ উপন্যাসৰূপে উজ্বলি উঠিছে।এই উপন্যাসখনৰ পৰিৱেশ আৰু পৰিস্থিতি চিত্ৰণ বাস্তৱধৰ্মী হোৱাৰ লগতে চৰিত্ৰসমূহো অতি জীৱন্ত। ইন্দ্ৰনাথ,গিৰিবালা,দূৰ্গা,মাৰ্ক চাহাব,ইলিমন,সৰু গোসাঁনী ইত্যাদি প্ৰতিটো চৰিত্ৰই যেন তেজ মঙহৰ সঁচা মানুহ। উপন্যাসখনৰ কেইবাটাও মুখ্য চৰিত্ৰৰ অপমৃত্যু ঘটিছে।প্ৰায়শ্চিত্ত কৰিবলৈ গৈ মেষদাহৰ সময়ত স্বেচ্ছাই মৃত্যুক আকোঁৱালি লৈছে গিৰিবালাই।সংস্কাৰকামী ইন্দ্ৰনাথক হত্যা কৰিছে বিদ্ৰোহী কৃষকে আৰু জগন্নাথ নামৰ সত্ৰাধিকাৰৰ ক্ষমতা তথা প্ৰতিষ্ঠাৰ চিনস্বৰূপ দঁতাল হাতীটো উন্মাদ হোৱাৰ পাছত তাক গুলীয়াই মৰা হৈছে।
উপন্যাসখনৰ সংলাপত কামৰূপৰ কথিত ভাষা ব্যৱহাৰ কৰা হৈছে যদিও কাব্যময় ভাষা আৰু উপমাৰ সুন্দৰ প্ৰয়োগে উপন্যাসখনক আকৰ্ষণীয় কৰি তুলিছে। উদাহৰণস্বৰূপে উপন্যাস খনৰ মাজত কিছুমান বাক্য দেখিবলৈ পোৱা যায় এনেধৰণৰ---"......যাৰ হাত-ভৰি,কলাফুলৰ বৰণ জোনাক ৰাতি জগলীয়াৰ বুকুত পৰা পোহৰৰ দৰে কোমল", "......এডোখৰ শুকান হাড়ৰ দৰে পৰা আছিল জগলীয়া নদী" ইত্যাদি।
'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' উপন্যাস খনৰ বাস্তৱ সমাজৰ ঘটনাবোৰে পাঠকক ব্যথিত কৰি তোলে।এয়াই ঔপন্যাসিকাৰ উপন্যাসখন ৰচনাৰ ক্ষেত্ৰত সফলতা বুলি ক'ব পাৰি। উপন্যাসখনৰ মুখ্য উপজীৱ্য হৈছে ঔপন্যাসিকাই বাস্তৱ জীৱনত লগ পোৱা কেইজনমান ব্যক্তিৰ জীয়া প্ৰতিচ্ছবি।সেয়ে 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' মাথোঁ এখন সৰ্বোৎকৃষ্ট উপন্যাস নহয়,ই এটা যুগৰ সঁচা দলিল।
No comments:
Post a Comment