Sunday, 20 October 2024

সাম্প্ৰতিক কালত বিজ্ঞান প্ৰযুক্তিবিদ্যা, সাধুকথাৰ স্থান আৰু শিশুৰ ভৱিষ্যত

 



                   আজিৰ যুগ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ।বিজ্ঞানৰ ন ন আৱিষ্কাৰে মানৱ সভ্যতালৈ কঢ়িয়াই আনিছে জীৱন জীয়াৰ অভিনৱ কৌশল।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে মানৱ সভ্যতাত অভূতপূৰ্ব পৰিৱৰ্তন সাধিত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিয়ে ন ন যন্ত্ৰৰ আৱিস্কাৰ কৰিছে।টেলিফোন, ম'বাইল, টেলিভিছন, গ্ৰাম'ফোন, ৰেডিঅ',কেমেৰা আদি প্ৰযুক্তিবিজ্ঞানৰ উল্লেখযোগ্য অৱদান। তদুপৰি কুৰি শতিকাৰ এক গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ হৈছে কম্পিউটাৰ।যাক 'যান্ত্ৰিক মগজু' বুলিও কোৱা হয়। বিজ্ঞানৰ এই আৱিষ্কাৰ সমূহ মানৱ জীৱনৰ এতিয়া গুৰুত্বপূৰ্ণ অংগ। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈ বিজ্ঞানৰ আৱিষ্কাৰ সমূহৰ অবিহনে মানৱ জীৱন এতিয়া অচল।কুৰি শতিকাৰ শেষৰ ফালে ইণ্টাৰনেটৰ আৱিষ্কাৰে মানুহৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰলৈ যথেষ্ট পৰিৱৰ্তন কঢ়িয়াই আনিলে। সাম্প্ৰতিক সময়ত বিজ্ঞানে কম্পিউটাৰ আৰু ইণ্টাৰনেট চিষ্টেমটোক এনেদৰে গঢ়ি তুলিছে যে অনাগত যুগটোক সম্পূৰ্ণ ৰূপেই 'কম্পিউটাৰৰ যুগ' বুলি অভিহিত কৰিব পৰা যাব।

                         যান্ত্ৰিক সভ্যতাই চানি ধৰা এই জগতত মানুহ ক্ৰমাৎ বস্তুবাদী আৰু পাৰ্থিৱ সুখ-স্বাচ্ছন্দ্যৰ প্ৰতি অধিক আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে।ধন,সম্পদ,ঐশ্বৰ্য আৰু বিলাসীতা পূৰ্ণ জীৱনৰ প্ৰতি মানুহৰ ধাউতি ইমানেই বাঢ়িছে যে অপাৰ্থিৱ সুখ, আনন্দ,ভালপোৱা, নান্দনিক সৌন্দৰ্য আদিৰ কথা পাহৰি পেলাইছে। যান্ত্ৰিক সভ্যতাত মোহগ্ৰস্থ হোৱা আজিৰ মানুহে নিজৰ সন্তানকো যান্ত্ৰিক কৰি গঢ়ি তুলিছে। শিশু অৱস্থাতেই সন্তানৰ হাতত তুলি দিছে অত্যাধুনিক এটা ম'বাইল ফোন আৰু টেলিভিছন। আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক। সৰু অৱস্থাতে শিশুক যিদৰে ভাঁজ দিয়া হয়,ডাঙৰ হৈ সি সেইদৰেই গঢ় লয়। গতিকে শিশুক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অভিভাৱক সকল সচেতন হোৱা উচিত। এটা দিশৰ পৰা চাবলৈ গ'লে, সাম্প্ৰতিক সময়ত শিশুৰ জ্ঞান আহৰণৰ বাবে ম'বাইল ফোন, কম্পিউটাৰ অতি আৱশ্যকীয় বস্তু।বিশেষকৈ ক'ৰোণা মহামাৰী সময়ত শ্ৰেণীকোঠাত পাঠদান বন্ধ কৰিব লগীয়া হোৱাত "অনলাইন পাঠদান" ব্যৱস্থা অতি প্ৰয়োজনীয় হৈ পৰিল।যাৰ ফলত শিশুৰ হাতত এটা ম'বাইল ফোন বা কম্পিউটাৰ তুলি দিব লগীয়া হ'ল। তদুপৰি বিজ্ঞানৰ এই আৱিষ্কাৰ বোৰে ঘৰতে থাকিয়ে শিশুক দেশ-বিদেশৰ বিভিন্ন জ্ঞান আহৰণ কৰাত,সুপ্ত প্ৰতিভা সমূহ বিকশাই তোলাত যথেষ্ট পৰিমাণে সহায় কৰিছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সৎ প্ৰয়োগেৰে শিশুৰ সুপ্ত প্ৰতিভা সমূহ উলিয়াই অনাৰ এয়া এক উপযুক্ত সময়। কিন্তু অভিভাৱক সকলে শিশুক সময়ে-অসময়ে আজিকালি হাতত ম'বাইল ফোনটো তুলি দিয়া দেখিবলৈ পোৱা গৈছে।আজৰি সময়ত শিশুক মাক-দেউতাকে বা পৰিয়ালৰ আন লোকে খেলিবলৈ শিকোৱাৰ পৰিৱৰ্তে, সাধুকথা শুনোৱাৰ পৰিৱৰ্তে হাতত টি.ভি.ৰ ৰিৰ্মটটো, ভিডিঅ'গেইম নহ'লে বা ম'বাইল ফোন এটা তুলি দিয়ে।যি শিশুৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অতি ভয়ংকৰ।

                         শিশুৰ মানসিক, বৌদ্ধিক, শাৰীৰিক, চাৰিত্ৰিক আৰু নৈতিক বিকাশত সাধুকথা সমূহৰ ভূমিকা অপৰিসীম।লিখিত সাহিত্য সৃষ্টি হোৱাৰ পূৰ্বতেই মানুহৰ মুখে মুখে কিছুমান কাহিনী বা সাধুকথা প্ৰচলিত হৈ আহিছিল।যি সাধুকথাই শিশুৰ সাৰ্বজনীন বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। কালক্ৰমত মুখে মুখে প্ৰচলিত সাধুবোৰ পৃথিৱীৰ সকলো দেশতে লিখিত ৰূপ লাভ কৰি ৰসোত্তীৰ্ণ সাহিত্য হিচাপে পৰিগণিত হ'ল।সাধুৰ দ্বাৰা শিশুৰ ভাষা জ্ঞান বঢ়াৰ লগতে শব্দৰ ভঁৰালো চহকী হয়। শিশুক সততা,নম্ৰতা,ভদ্ৰতা আদি সজগুণ সমূহ বৃদ্ধি কৰোৱাৰ ক্ষেত্ৰত সাধুকথা সমূহ অতি উত্তম। শিশুৰ মন কল্পনাপ্ৰৱণ। শিশুৰ জিজ্ঞাসু মনটোৱে সদায় কল্পনাৰ জগতত উটি-ভাহি ফুৰে।সেয়ে শিশুৰ সৰল মনটোক মনোৰম সাধুকথা সমূহে সহজে আকৰ্ষিত কৰে। শিশুৰ মনত সাধুকথা সমূহে এনেধৰণৰ সাঁচ বহুয়াই যি পৰিপক্ক হৈ উঠাৰ পাছতো সাধুকথাৰ সেই স্মৃতি চকুৰ আগত ভাস্বত হৈ থাকে। প্ৰতিটো সাধুকথাই কাহিনীৰ অন্তত এটা নীতিশিক্ষা শিশুৰ বাবে এৰি থৈ যায়,যি শিশুৰ বাবে অতি‌ প্ৰয়োজনীয়।প্ৰেম-ভালপোৱা,ভক্তি-স্নেহ,ঈৰ্ষা-অসূয়া,জীয়াই থকাৰ স্পৃহা, জনবিশ্বাস, কু-সংস্কাৰ আদি আদিম ভাব-অনুভূতি সমূহৰ সৰল আৰু মুকলি প্ৰকাশ ঘটে সাধুকথা সমূহত।ইয়ে শিশুৰ নৈতিক আৰু বৌদ্ধিক বিকাশত যথেষ্ট অৰিহণা আগবঢ়ায়।কিন্তু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে লগে আমাৰ মাজৰ পৰা মনোৰম সাধুকথা সমূহ হেৰাই যাবলৈ ধৰিছে।যান্ত্ৰিকতা আৰু আধুনিকতাৰ কৰাল গ্ৰাসত তামুলৰ হাঁচতিখন খুলি আইতাই মেলি লোৱা সাধুকথাৰ থূনপাক;জোনাকৰ পোহৰত জোন-তৰা চাই সাধুকথা শুনাৰ সেই জীপাল সময় এতিয়া মাথোঁ অতীত হৈছে।

                           বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু প্ৰসাৰৰ পূৰ্বে মানুহৰ ঘৰে-ঘৰে আছিল এখন সাধুকথাৰ মনোৰম জগত।যি জগতত এন্ধাৰ ৰাতি মুকলি আকাশৰ তলত বহি বুঢ়ীমাক-ককাদেউতাকে নাতি ল'ৰা-ছোৱালীক সাধুকথা শুনাইছিল। সাধুকথা বোৰে শিশু সকলক লৈ গৈছিল জোন-বেলি-তৰা,গছ-লতিকা,পশু-পক্ষী আৰু মানুহৰ মাজত থকা এখন সমিলমিল জগতলৈ। সাধুকথা বোৰৰ জৰিয়তে শিশুৱে হাবিৰ গছ-লতিকা,ফল-ফুল,পশু-পক্ষীৰ ভাষা বুজি পাইছিল; নদ-নদীক ভাল পাবলৈ শিকিছিল। পখিলাৰ পিছে পিছে দৌৰিবলৈ শিকিছিল। সাধুকথা বোৰে শিশুক জীৱন আৰু জগত সম্পৰ্কীয় বিচিত্ৰ অভিজ্ঞতা আৰু জ্ঞান লাভ কৰাত সহায় কৰিছিল।বিভিন্ন উপদেশ আৰু নীতিশিক্ষাৰে ভৱিষ্যতে এজন প্ৰকৃত মানুহ হোৱাত সহায় কৰিছিল। কিন্তু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে-লগে, ম'বাইল ফোন, টেলিভিছন আদি যন্ত্ৰবোৰৰ আৱিষ্কাৰৰ লগে-লগে সাধুকথাৰ সেই জগত খন শিশুৰ মাজৰ পৰা হেৰাই গ'ল, শৈশৱৰ সেই মনোৰম সময়খিনিও বিলুপ্ত হ'ল। যান্ত্ৰিক বস্তুবোৰে শিশুৰ হৃদয় খনো যান্ত্ৰিক কৰি তুলে, কিন্তু সাধুকথা বোৰে শিশুৰ মাজত গঢ়ি তুলে অনুভূতিৰে সিক্ত এখন সৰস হৃদয়, সংবেদনশীল হৃদয়।

                         পূৰ্বতে আজৰি সময়ত অভিভাৱকে সন্তানক সাধুকথা শুনাইছিল। কিন্তু সাম্প্ৰতিক সময়ত মাক-দেউতাকে শিশুৰ হাতত তুলি দিয়ে এটা ম'বাইল ফোন বা সন্মুখত খুলি দিয়ে এটা অত্যাধুনিক টি.ভি।টি.ভি. চেনেলৰ কাৰ্টুনবোৰক লৈ, ম'বাইল ফোনত পোৱা বন্দুক-বাৰুদ থকা কাহিনীবোৰক লৈ আজিৰ শিশু ব্যস্ত। এইবাৰে জানো শিশুৰ নৈতিক, বৌদ্ধিক, সামাজিক আৰু চাৰিত্ৰিক বিকাশত সহায় কৰিব পাৰে? নিশ্চয় নোৱাৰে! যাৰ ফলত আজি শিশু হৈ পৰিছে উশৃংখল,উদণ্ড আৰু খঙাল।যান্ত্ৰিক যুগত মানুহৰ মনবোৰো যান্ত্ৰিক হ'ল। আধুনিকতাৰ ধামখুমীয়াত আজিৰ আইতাক বোৰেও নাতি - নাতিনীয়েক হঁতক সাধুকথা শুনোৱাবলৈ অনীহা প্ৰকাশ কৰা হ'ল।যাৰ ফলত আজিৰ শিশুৱে ম'বাইল, লেপটপ, টেলিভিছনৰ কাৰ্টুনৰ লগত ব্যস্ত থাকিয়ে ভাল পোৱা হ'ল।'বুঢ়ী আইৰ সাধু','ককাদেউতা আৰু নাতি ল'ৰা','ঈছপৰ সাধু' আদি সাধুকথাৰ পুথিবোৰ শিশুৰ বাবে বিৰক্তিৰ আৰু আমনিদায়ক হ'ল।তাৰ পৰিৱৰ্তে ম'বাইল ফোনত পোৱা বন্দু-বাৰুদ থকা ভিডিঅ'বোৰ, টেলিভিছনৰ বিভিন্ন কাৰ্টুনবোৰ শিশুৰ প্ৰিয় হ'ল।ইয়ে শিশুৰ ভৱিষ্যতত বিৰূপ প্ৰভাৱ পেলাব।মাক-দেউতাক,ককাক-আইতাক আৰু অন্যান্য আত্মীয় সকলৰ লগত অন্তৰংগ আলাপ কৰিবলৈ নোপোৱাৰ ফলত;আত্মিক,চেনেহভৰা সম্পৰ্ক এটা গঢ়ি তুলিবলৈ নোপোৱাৰ ফলত ভৱিষ্যতে ডাঙৰ হৈ ল'ৰা-ছোৱালীয়ে মৰমৰ মূল্য বুজি নোপোৱা হ'ব। মাক-দেউতাকক নিচিনা হ'ব। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰে পৃথিৱী খন যান্ত্ৰিক কৰি তোলাৰ দৰে মানুহৰ মনবোৰো যান্ত্ৰিক হ'ব, বৰ্তমান সময়তকৈ অধিক মানুহৰ মনবোৰ বস্তুবাদী হ'ব।

                    সাম্প্ৰতিক সময়ত শিশুৰ বিজ্ঞান আকৃষ্ট মনটোৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান অসাধু ব্যৱসায়ীয়ে শিশুৰ বাবে নানা তৰহৰ পুতলা বন্দুক, পিষ্টল আদি তৈয়াৰ কৰি বজাৰত মেলি দিছে। টেলিভিছন, ম'বাইল ফোনৰ প্ৰভাৱত শিশুসকল এই মৰণাস্ত্ৰৰ প্ৰতি আকৰ্ষিত হয় আৰু অভিভাৱকেও কোনো ধৰণৰ চিন্তা নকৰাকৈ এই পুতলা বন্দুক, পিষ্টল বোৰ শিশুৰ হাতত তুলি দিয়ে। বন্দুক, পিষ্টলৰ দৰে মৰণাস্ত্ৰ বোৰ হাতত তুলি লোৱাৰ লগে-লগেই শিশুৰ কোমল মনত হত্যা,হিংসাৰ এক বাসনা জাগি উঠে। তদুপৰি টেলিভিছনৰ চেনেলত সঘনাই সম্প্ৰচাৰিত হোৱা হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ কাহিনী ভৰা ধাৰাবাহিক নতুবা চিনেমা চোৱাত শিশুসকল অভ্যস্ত হৈ পৰিছে। চিনেমা, ধাৰাবাহিকত দেখিবলৈ পোৱা অপৰাধ প্ৰৱণতাই ক্ৰমে ক্ৰমে শিশুৰ মানসিকতাতো প্ৰভাৱ বিস্তাৰ কৰিব।শিশুৰ মনত সৃষ্টি হোৱা এই নেতিবাচক প্ৰভাৱে ভৱিষ্যতে শিশুক যে এজন অপৰাধী কৰি তুলিব,সেয়া নিৰ্মম সত্য।

                  বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ, সাধুকথাৰ বিলুপ্ত প্ৰায় অৱস্থা আৰু শিশুৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ ফলত আজিৰ শিশু কাইলৈ হৈ পৰিব আৱেগহীন,অনুভূতিহীন,যান্ত্ৰিক আৰু বস্তুবাদী।মানৱীয় প্ৰমূল্যবোধ হ'ব অস্তিত্বহীন। গতিকে সময় থাকোঁতেই আমি এলাগী হ'বলৈ ধৰা এই অমূল্য সাহিত্যৰাজিক শিশুৰ মাজত বিলাই দি সঠিক পথ নিৰ্দেশনাৰে ভৱিষ্যতে এজন সৰ্বাঙ্গ সুন্দৰ মানসিকতাৰ অধিকাৰী হোৱাৰ সম্ভাৱনীয়তা গঢ়ি তুলিব লাগিব।এখন সুস্থ-সবল সমাজ গঢ়িবলৈ আজিৰ শিশুৰ মাজত সাধুকথাৰ চৰ্চা আৰু সাধুকথাৰ পুথি অধ্যয়ন অতি প্ৰয়োজন।

Saturday, 19 October 2024

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

         

                      আধুনিক অসমীয়া সাহিত্যৰ ইতিহাসত মামণি ৰয়ছম গোস্বামী এটি উজ্বল নক্ষত্ৰ। অসমীয়া চুটিগল্প আৰু উপন্যাস সাহিত্যক বিকাশ আৰু সমৃদ্ধি দান কৰাৰ ক্ষেত্ৰত এইগৰাকী লেখিকাৰ বৰঙণি অবিস্মৰণীয়।ন সৃষ্টিশীলতাৰ নতুন উন্মেষেৰে উজ্জ্বীৱিত হৈ মামণি ৰয়ছম গোস্বামীয়ে আধুনিক অসমীয়া সাহিত্য জগতক বিবিধ সাহিত্য সৃষ্টিৰে সমৃদ্ধ কৰি থৈ গৈছে।১৯৪২ চনত জন্মগ্ৰহণ কৰা মামণি ৰয়ছম গোস্বামীয়ে প্ৰথম অৱস্থাত চুটিগল্প ৰচনাৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰিলেও সত্তৰৰ দশকত উপন্যাসৰ ক্ষেত্ৰলৈ তেওঁৰ উত্তৰণ ঘটে।মামণি ৰয়ছম গোস্বামীয়ে উপন্যাসৰ সমল আহৰণৰ বাবে যথেষ্ট কষ্ট কৰিছিল।তেওঁ লেখাৰ পটভূমিলৈ নিজে গৈ,সেই মানুহ বোৰক লগ কৰি তেওঁলোকৰ হৃদয়ৰ ভাষা বুজি আহিছিল।সেয়েহে তেওঁৰ উপন্যাসত বাস্তৱ সমাজৰ সুন্দৰ প্ৰতিফলন ঘটিছে।
                     মামণি ৰয়ছম গোস্বামীয়ে 'চেনাবৰ সোঁত','নীলকণ্ঠী ব্ৰজ','অহিৰণ','মামৰে ধৰা তৰোৱাল','বুদ্ধসাগৰ ধূসৰ গইসা আৰু মহম্মদ মুছা' (এই উপন্যাসখন 'মামৰে ধৰা তৰোৱাল' শীৰ্ষক গ্ৰন্থত সন্নিৱিষ্ট হৈছে), 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা','সংস্কাৰ', 'উদয়ভানুৰ চৰিত্ৰ ইত্যাদি' (তিনিখন উপন্যাসৰ সংকলন), 'জখমী যাত্ৰী', 'তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা'(চাৰিখন উপন্যাস আৰু দুটা গল্প সংগ্ৰহ),'ছিন্নমস্তাৰ মানুহটো','থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল' আদি উপন্যাস কেইখন ৰচনা কৰি উপন্যাস সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।'আধা ঘণ্টা সময়'(১৯৭৮) তেওঁৰ দ্বাৰা অনুদিত উপন্যাস। এই গ্ৰন্থখনৰ মূল হৈছে মালয়ালম উপন্যাস 'Ananazhikaneram'।মামণি ৰয়ছম গোস্বামীয়ে ১৯৮২ চনত 'মামৰে ধৰা তৰোৱাল' উপন্যাস খনৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল।
                          'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' মামণি ৰয়ছম গোস্বামীৰ বাস্তৱ সমাজৰ জীৱন্ত প্ৰতিফলন ঘটা এখন জনপ্ৰিয় উপন্যাস।উপন্যাস খনৰ কাহিনীভাগৰ পটভূমি হৈছে দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ।দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰত কটোৱা শৈশৱ আৰু যৌৱনৰ এছোৱা কালৰ অভিজ্ঞতাৰ লগত কল্পনাৰ কিছু ৰহণ সানি ঔপন্যাসিকাই উপন্যাস খন ৰচনা কৰিছে।অবিভক্ত কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰত অৱস্থিত আমৰঙা দামোদৰীয়া সত্ৰৰ বিভিন্ন ঘটনা-উপঘটনা তথা আমৰঙা অঞ্চলৰ পৰম্পৰাগত সমাজখনৰ ৰক্ষণশীলতা, সামন্তীয় প্ৰথা,কু-সংস্কাৰ, অন্ধবিশ্বাস, ব্যভিচাৰ আদি চিত্ৰৰ বৰ্ণনা আৰু সিবোৰৰ মাজত বিধৱা নাৰীৰ যাতনা-অৱদমিত বাসনা আৰু আৱেগ-অনুভূতিৰ অন্তস্পৰ্শী বিৱৰণ দাঙি ধৰিছে তেওঁ এই উপন্যাসখনত।
                      'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' উপন্যাস খনত কাহিনীৰ মাজেৰে সমাজত পৰম্পৰাগত ভাৱে চলি অহা অন্ধবিশ্বাস,কু-সংস্কাৰ তথা ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে এক প্ৰতিবাদ আৰু এনে ধ্যান-ধাৰণাৰ অৱসান ঘটাই এখন নতুন সমাজ গঢ়াৰ প্ৰয়াস প্ৰতিফলিত হৈছে। উপন্যাসখনৰ পাতনিত ঔপন্যাসিকাই কৈছে---- "এই পৃথিৱীত মানুহে মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰাৰ এক মূক প্ৰতিধ্বনি অন্ত:সলিলাৰ দৰে উপন্যাসখনৰ মাজেৰে প্ৰবাহিত কৰাৰ চেষ্টা কৰা হৈছে।"
                      উপন্যাসখনত দেখিবলৈ পোৱা যায় ৰজাঘৰৰ পৰা ভূমি দানসূত্ৰে লাভ কৰা দক্ষিণ কামৰূপৰ এখন দামোদৰীয়া সত্ৰ।সেই সত্ৰৰ ভাবী সত্ৰাধিকাৰ হ'ল ইন্দ্ৰনাথ।উচ্চ বংশৰ হ'লেও তেওঁৰ কোনো গৰ্ব,অহংকাৰ নাছিল।সেয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৈতে সমিলমিলেৰে তেওঁ চলিব বিচাৰিছিল।সমাজত পৰম্পৰাগত ভাৱে চলি অহা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সমূহৰ অৱসান হোৱাটো তেওঁ কামনা কৰিছিল, কিন্তু সত্ৰৰ সম্ভ্ৰান্ত পৰিৱেশত ডাঙৰ-দীঘল হোৱা ইন্দ্ৰনাথৰ বাবে সামন্তবাদৰ সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি তাৰ বিপক্ষে থিয় হোৱাৰো সম্ভৱ নাছিল। সেয়েহে বংশ-পৰিয়ালক দুখী কৰিব নোৱাৰা ইন্দ্ৰনাথ এক দোদোল্যমান অৱস্থাত ওলমি ৰৈছিল।দিনে দিনে কানি বৰবিহৰ প্ৰভাৱত পৰি সৰ্বসাধাৰণ মানুহ অধ:পতনৰ ফালে ধাৱমান হোৱা দেখিও তেওঁ তাৰ বিৰুদ্ধে সবল পদক্ষেপ ল'বলৈ সক্ষম হোৱা নাছিল।
                      ইন্দ্ৰনাথৰ পেহীয়েক দূৰ্গা আৰু ভনীয়েকে গিৰিবালা হৈছে বিধৱা নাৰী।চিকাৰহাটীৰ গোসাঁই পৰিয়াললৈ ইন্দ্ৰনাথৰ পেহীয়েকক বিয়া দিয়া হৈছিল।কিন্তু গিৰিয়েকৰ মৃত্যুৰ পাছত পেহীয়েকক ইন্দ্ৰনাথে আমৰঙালৈ লৈ আহে।বঙৰা সত্ৰৰ লাতু গোসাঁইৰ সৈতে গিৰিবালাৰো বিয়া হৈছিল কিন্তু বিয়াৰ কিছুদিনৰ পাছতে পেহীয়েকৰ দৰে গিৰিবালাও স্বামীহাৰা হ'ব লগা হয়।
                      সেই সময়ৰ সমাজখনত বিধৱা নাৰী এগৰাকীয়ে কঠোৰ নীতি-নিয়ম মানি চলিব লগীয়া হৈছিল। উচ্চ বৰ্ণৰ হিন্দু বিধৱা নাৰী হিচাপে দূৰ্গা আৰু গিৰিবালাইও সেয়ে অত্যন্ত নীতি-নিয়মৰ মাজৰে কঠোৰ বিধৱা ব্ৰত পালন কৰিবলৈ বাধ্য হৈছিল। উপন্যাসখনত দেখিবলৈ পোৱা যায় দূৰ্গা গিৰিয়েকৰ মৃত্যুৰ পিছত শহুৰেকে তেওঁৰ পুত্ৰৰ মৃত্যু দূৰ্গাৰ কোষ্ঠীত থকা পাপ গ্ৰহৰ বাবে হোৱা বুলি তাইক দোষাৰোপ কৰিছে।বিধৱা হোৱাৰ পাছত তাইক সমাজত কোনো মাংগলিক কামতে ভাগ ল'বলৈ দিয়া নাই।দূৰ্গাইও সমাজৰ এই ৰীতি-নীতি বোৰ বিনা প্ৰতিবাদে মানি লৈছে।এই সম্পৰ্কে উপন্যাস খনত পোৱা যায় এনেদৰে--"বিধৱা হোৱাৰ সেই বছৰৰ এটা আমতিৰ পৰা আনটো আমতিৰ অহাৰ সময়লৈকে দূৰ্গা যেন ভূতেই হৈ গ'ল। শহৰৰ ঘৰত প্ৰেতনীৰ দৰে কাথিত বহি তুঁহ জুই পুৱাই থকা একপ্ৰকাৰ অভ্যাসতেই পৰিণত হ'ল।......" 
                     পুৱা-গধূলি মৃত স্বামীৰ খৰমত ফুল দিয়া,খোৱা বোৱাৰ,পিন্ধা উৰাৰ সকলো নীতি নিয়ম এফালৰ পৰা মূৰৰ চুলি এডালো লৰচৰ নোহোৱাকৈ পালন কৰি গৈছিল। তাইৰ ইচ্ছা আছিল কাশীৰ পাণ্ডাসকলৰ লগত গৈ তীৰ্থ কৰি মৃত স্বামীৰ অস্থি বিৰ্সজন দিয়াৰ।কিন্তু হাতত ফুটা কড়ি এটাও নথকাত,স্বামী গৃহৰ পৰা প্ৰাপ্য সম্পত্তিৰ ভাগো নোপোৱাত দুৰ্গাৰ আশা কোনো দিনেই পুৰণ হোৱা নাছিল। পিতৃ গৃহলৈ ইন্দ্ৰনাথে তাইক লৈ অনাৰ পাছত তাই সদায় বাট চাইছিল, স্বামীৰ গৃহৰ পৰা কোনোবাই তাইক নিবলৈ আহিব বুলি। কিন্তু তাইৰ সেই আশাও পূৰণ হোৱা নাছিল। ভালেমান দিন পাৰ হৈ যোৱাৰ পাছতো তাইক নিবলৈ কোনোৱে অহা নাছিল।দূৰ্গাই পিতৃ গৃহতো বিধৱাৰ কঠোৰ নীতি-নিয়ম মানি চলাৰ ফলত শৰীৰ শুকাই একেবাৰে প্ৰেতনীৰ দৰে হৈ পৰিছিল।দুৰ্গাৰ এনে কুৎসিত ৰূপৰ বৰ্ণনা ঔপন্যাসিকাই দিছে এনেদৰে--- "হাত ভৰি শুকান, ডিঙিৰ ভিতৰখনো যেন কাঠৰ দৰে শুকান।তিৰোতাবোৰে কয় লেং পেংকে চাওঁৰা তিৰীতুক মেখেলা আৰু গাতালা পিন্ধিলি আজিকালি কাউৰীয়া বুঢ়াই সৰীত বেচিব নিয়া মাটিৰ প্ৰেতনী হান লাগে।"
                   দুৰ্গাই কেৱল নিজেই সেই আতি গুৰি নথকা নিয়মবোৰ পালন কৰা নাছিল আনকি তাই গিৰিৱালাকো সেই নিয়মবোৰ পালন কৰিবলৈ বাধ্য কৰোৱাইছিল। কিন্তু দূৰ্গাৰ দৰে এই কঠোৰ নিৰৰ্থক নীতি-নিয়ম নিৰ্বিবাদে মানি ল'ব পৰা নাছিল গিৰিবালাই।সেই সময়ছোৱাতে গিৰিবালাৰ জীৱনলৈ আগমন ঘটিছিল মাৰ্ক চাহাব নামৰ খ্ৰীষ্টান লোক এজনৰ। পৰিৱৰ্তনকামী ইন্দ্ৰনাথে সত্ৰৰ পুথি-পাঁজিবোৰ অধ্যয়ন কৰিবলৈ বিচৰা খ্ৰীষ্টান পুৰুষ মাৰ্ক চাহাবক সত্ৰলৈ মাতি আনিছিল।গৱেষণা কৰিবলৈ অহা মাৰ্ক চাহাবক পুৰণি পুথি-পাঁজিবোৰ যুগুতাই দি গৱেষণাৰ কামত সহায় কৰিছিল গিৰিবালাই। অৱশ্যে এই কাম কৰিবলৈ ককায়েক ইন্দ্ৰেনাথেই তাইক আগবঢ়াই দিছিল।মাৰ্ক চাহাবৰ সান্নিধ্যত থাকি লাহে লাহে গিৰিবালাৰ অন্তৰত তেওঁৰ প্ৰতি প্ৰেমৰ ভাৱ সৃষ্টি হয়। তেওঁৰ লগত এক নতুন জীৱন আৰম্ভ কৰাৰ সপোন দেখিবলৈ লয় গিৰিবালাই।মাৰ্কেও তাইৰ প্ৰতি সমবেদনা অনুভৱ কৰিছিল।কিন্তু সমাজে তাইৰ এই সপোন পূৰ হ'বলৈ নিদিলে। তাইৰ এই প্ৰেমক ব্যভিচাৰৰ নাম দি সমাজে সেই কামক পাপ হিচাপে ল'লে আৰু প্ৰায়শ্চিত্ত কৰিবলৈ ক'লে।যাৰবাবে গিৰিবালাই প্ৰায়শ্চিত্তৰ বিধি অনুসৰি 'মেষ দাহ'ৰ জুইত আত্মজাহ দিলে। কিন্তু আচৰিত কথা যিখন সমাজত নীতি-নিয়মক লৈ,জাত-পাতক লৈ ইমান বিচাৰ কৰা হৈছিল,নাৰীৰ প্ৰতি ইমান বিচাৰ কৰা হৈছিল,য'ত সত্ৰৰ অধিকাৰৰ পৰিয়ালক 'গোসাঁই' বুলি মূৰত তুলি লোৱা হৈছিল,সেই তথাকথিত গোসাঁই সকলৰে বিবাহ বহিৰ্ভূত অব্ৰাক্ষণ বা 'শূদিৰীয়া তিৰী'ৰ সৈতে সম্পৰ্ক আছিল,যাৰ ফলশ্ৰুতিত অবৈধ সন্তানৰো জন্ম হৈছিল। গিৰিবালা বিধৱা হোৱাৰ আগতেই তেওঁৰ স্বামী তেনে এগৰাকী পৰস্ত্ৰীৰ প্ৰতি আসক্ত আছিল। কিন্তু পুৰুষতান্ত্ৰীক তথা সামন্তবাদী ধ্যান-ধাৰণাৰে পুষ্ট সমাজখনে তথাকথিত প্ৰভুসকলৰ তথা পুৰুষৰ কোনো ধৰণৰ কাৰ্যৰে বিৰুদ্ধাচৰণ কৰাৰ সাহস কৰিব পৰা নাছিল।
                   উপন্যাসখনত দেখিবলৈ পোৱা যায় ইন্দ্ৰনাথেও সামন্তবাদী সমাজ ব্যৱস্থাত সত্ৰাধিকাৰ গোসাঁইতকৈ বহুত তলৰ পূজাৰী বামুণৰ মাতৃহীনা যুৱতী ইলিমনৰ প্ৰতি হৃদয়ত গভীৰ প্ৰেম থকাৰ পাছতো বংশগৌৰৱৰ কথা চিন্তা কৰি আগবাঢ়িব পৰা নাই।ইলিমনৰ বাপেক আছিল কানিৰ প্ৰতি ঘোৰ আসক্ত ব্যক্তি।কানিৰ বাবেই বাপেকে জীয়েকৰ কথা এবাৰো চিন্তা নকৰি কানিৰ চোৰাং বেপাৰ কৰা আদবয়সীয়া কোচবিহাৰৰ বামুণ মানুহটোৰ হাতত সঁপি দিব বিচাৰিছে। ইন্দ্ৰনাথে এই কথা গ'ম পাই কানিৰ চোৰাং বেপাৰ কৰা মানুহটোক পুলিচৰ হাতত ধৰাই দিছে।
                   ইয়াৰ উপৰিও উপন্যাস খনত আৰু বহুতো সৰু-বৰ ঘটনাই কাহিনী আগবঢ়াই নিয়া দেখিবলৈ পোৱা গৈছে। উপন্যাসখনত বৰ্ণিত সৰু গোসাঁনী চৰিত্ৰটোৰ জীৱনৰ কাহিনীয়েও উপন্যাস খনৰ কাহিনীভাগক এক নতুন গতি দান কৰে।সৰু গোসাঁনী সত্ৰৰ অধিকাৰী মহাপ্ৰভুৰ সৰু ভায়েক ৰামানন্দ গোস্বামীৰ পত্নী আৰু পাত হালধীয়াৰ জীয়ৰী। গিৰিয়েকৰ মৃত্যুৰ পিছত সৰু গোসাঁনীয়ে নিজেই শিষ্যক হৰণ দিয়াৰ কাম আৰম্ভ কৰিছিল।সৰু গোসাঁনীয়ে নিজেই সকলোবোৰ সম্পত্তি চোৱা মেলা কৰিছিল যদিও দূৰণিৰ মাটি বাৰীবোৰ তদাৰক কৰিবলৈ হেৰামদৰ মহীধৰ বাপুক নিজৰ সঙ্গী কৰি লৈছিল।এজন পুৰুষক এনেদৰে একেটা ঘৰৰ ভিতৰত থোৱাৰ বাবে অনেকেই সৰু গোসানী আৰু মহীধৰ বাপুক লৈ অনেক কথা কয়।কিন্তু সৰু গোসানীয়ে সেইবোৰলৈ কোনো কাণ নিদিয়ে।এয়া তেওঁৰ সাহস।ইন্দ্ৰনাথেও এই সৰু গোসাঁনীৰ সাহসক সন্মান কৰে। উপন্যাসখনত দেখিবলৈ পোৱা যায় লাহে লাহে সৰু গোসাঁনীৰ নিঃসংগ জীৱনত সংগী হিচাপে দেখা দিছে মহীধৰ বাপুৱে।তেওঁ মহীধৰ বাপুৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ পৰিছে। কম বয়সতে বিধৱা হোৱা সৌন্দৰ্যৱতী সৰু গোসাঁনীয়ে স্বাভাৱিকতেই সুস্বাস্থ্যৰ অধিকাৰী মহীধৰ বাপুৰ প্ৰতি কিবা এক আকৰ্ষণ অনুভৱ কৰিছিল। উপন্যাসখনত ঔপন্যাসিকাই তেওঁৰ সৌন্দৰ্যৰ বৰ্ণনা দিছে এনেদৰে------"সৰু গোসাঁনী অত্যন্ত সুগঢ়ী তিৰোতা।মানুহে কয়,অন্ধকাৰ ৰাতিও মানুহে গোঁসানীৰ নাক,চকু,মুখ স্পষ্টভাৱে দেখা পায়।কাৰণ তেওঁৰ গাঁৰ বৰণ যুদ্ধৰ দিনত মিৰ্জাৰ কেম্পত থকা চাহাবসকলৰ গাঁৰ বৰণৰ দৰে।"
                     কিন্তু মহীধৰ বাপু আছিল অসৎ প্ৰকৃতিৰ লোক।সৰু গোসাঁনীৰ প্ৰতি তেওঁৰ অন্তৰত কোনো ভাল ভাৱ নাছিল।এদিন দূর্গাই অত্যন্ত বিশ্বাস কৰি নিজৰ টিনৰ বাকচটো সৰু গোসাঁনীৰ ওচৰত থৈছিল।দুর্গাই সৰু গোসাঁনীক সন্মান কৰিছিল আৰু বিশ্বাসো কৰিছিল। কিয়নো সৰু গোসাঁনীয়ে সকলোকে সৎ আৰু প্ৰকৃত পথৰ পৰিচয় কৰাই দিছিল।দূর্গা, গিৰিবালা সকলোৰে প্ৰতি তেওঁৰ সমবেদনা আছিল।সেয়ে দূৰ্গাই নিজৰ মূল্যবান সম্পত্তি থকা বাকচটো সৰু গোসাঁনীৰ ওচৰত থৈছিল গৈ।অৱশ্যে থোৱাৰ সময়ত তাই অলপ ভয়ো কৰিছিল। শেষত তাইৰ সেই ভয়ে বাস্তৱ হ'ল।মহীধৰ বাপুৱে দূৰ্গাৰ পেৰাটোৰ পৰা মূল্যৱান সামগ্ৰীসমূহ চুৰি কৰি লৈ গ'ল।দূর্গাৰ পেৰাটোৰ পৰা মূল্যবান সামগ্ৰী চুৰি হোৱাত সকলোৱে মহীধৰ বাপুক সন্দেহ কৰিছিল যদিও সৰু গোসাঁনীয়ে সেই কথা মানি ল'ব পৰা নাছিল আৰু তেওঁ মহীধৰ বিপুল নিৰ্দোষিতাৰ প্ৰমান কৰিছিল।সৰু গোসাঁনীয়ে মুঠেই মানি ল'ব পৰা নাছিল যে মহীধৰ বাপুৱেই এই কাৰ্যৰ লগত জড়িত। কিন্তু বিচাৰ-খোচাৰ কৰিলত দুৰ্গাৰ সা-সামগ্ৰীবোৰ মহীধৰ বাপুৰ মোনাত পোৱা গৈছিল।যিটো মানুহক তেওঁ প্ৰাণতকৈও বেছি ভাল পাইছিল, যাৰ বাবে তেওঁ সকলো ত্যাগ কৰিবলৈ সাজু আছিল তেওঁৰ এনে কাৰ্য দেখি সৰু গোসাঁনীৰ মূৰত যেন আকাশ খন খহিহে পৰিছিল।ধৰ্ম,ত্যাগ আৰু প্ৰেমৰ এনে কৰুণ পৰিণতিত গোঁসানীৰ মানসিক অৱস্থাৰ চিত্ৰণ লেখিকাই ব্যঞ্জনাত্মক ভাষাৰে দিছে এনেদৰে----- "সৰু গোঁসানীৰ গাৰ ছালখন কোনোবাই যেন বখলিয়াবলৈ ধৰিলে।"
                     'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' এখন বাস্তৱধৰ্মী উপন্যাস। উপন্যাসখনৰ নামটোতেই এক প্ৰতীকী ব্যঞ্জনা আছে। দঁতাল হাতীৰ পিঠিত হাওদা, এক সম্ভ্ৰান্ত প্ৰতিপত্তিৰ চিন আৰু এই হাওদাত যি উয়ে খাইছে সেয়া হ'ল নতুন যুগৰ পৰিৱৰ্তিত সমাজে ব্যৱস্থাত প্ৰাচীন পৰম্পৰা আৰু কু-সংস্কাৰৰ অৱক্ষয়। উপন্যাসখনৰ শেষৰ ফালে দেখিবলৈ পোৱা যায় জগন্নাথ নামৰ হাতীটো পাগল হৈছে। মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা জগন্নাথে এদিন তাৰ পিঠিত থকা কাৰুকাৰ্যখচিত হাওদা খন শুৰেৰে আছাৰি,ভৰিৰে গচকি টুকুৰা-টুকুৰকৈ ভাঙি পেলাইছে।তেতিয়াহে দেখা গৈছে হাতীটোৰ পিঠিত ভালকৈ লাগি ধৰিবৰ বাবে হাওদা খনৰ তলত লোহাৰ জোঙা খুৰা লগাই থোৱা আছিল,যাৰ ফলত সুদীৰ্ঘকাল সেই খোঁচৰ যন্ত্ৰণা সহি থাকিব লগা হৈছিল জগন্নাথে।এই ঘটনা কাৰ্য সামন্তবাদী সমাজ ব্যৱস্থাত চিৰদিন চলি থকা নিম্ন বৰ্ণৰ প্ৰজাসকল আৰু নাৰীৰ প্ৰতি শোষণ তথা সেই শোষণৰ তীব্ৰ প্ৰতিবাদৰ প্ৰতীক বুলি ক'ব পাৰি।
                   তদুপৰি উপন্যাস খনত দেখিবলৈ পোৱা যায় কমিউনিজমৰ আদৰ্শই প্ৰভাৱিত কৰা এটি অঞ্চলত ৰায়ত সকলৰ মাটি হস্তান্তৰ কৰিবলৈ যোৱা ইন্দ্ৰনাথক দেখি সামন্তবাদৰ প্ৰতিনিধি বুলি ভুল বুজি বিদ্ৰোহী সকলে তেওঁক নিৰ্মমভাৱে হত্যা কৰিছে।
                   মামণি ৰয়ছম গোস্বামীৰ বলিষ্ঠ প্ৰকাশভংগীত 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' এখন সৰ্বাংগ সুন্দৰ উপন্যাসৰূপে উজ্বলি উঠিছে।এই উপন্যাসখনৰ পৰিৱেশ আৰু পৰিস্থিতি চিত্ৰণ বাস্তৱধৰ্মী হোৱাৰ লগতে চৰিত্ৰসমূহো অতি জীৱন্ত। ইন্দ্ৰনাথ,গিৰিবালা,দূৰ্গা,মাৰ্ক চাহাব,ইলিমন,সৰু গোসাঁনী ইত্যাদি প্ৰতিটো চৰিত্ৰই যেন তেজ মঙহৰ সঁচা মানুহ। উপন্যাসখনৰ কেইবাটাও মুখ্য চৰিত্ৰৰ অপমৃত্যু ঘটিছে।প্ৰায়শ্চিত্ত কৰিবলৈ গৈ মেষদাহৰ সময়ত স্বেচ্ছাই মৃত্যুক আকোঁৱালি লৈছে গিৰিবালাই।সংস্কাৰকামী ইন্দ্ৰনাথক হত্যা কৰিছে বিদ্ৰোহী কৃষকে আৰু জগন্নাথ নামৰ সত্ৰাধিকাৰৰ ক্ষমতা তথা প্ৰতিষ্ঠাৰ চিনস্বৰূপ দঁতাল হাতীটো উন্মাদ হোৱাৰ পাছত তাক গুলীয়াই মৰা হৈছে।
                      উপন্যাসখনৰ সংলাপত কামৰূপৰ কথিত ভাষা ব্যৱহাৰ কৰা হৈছে যদিও কাব্যময় ভাষা আৰু উপমাৰ সুন্দৰ প্ৰয়োগে উপন্যাসখনক আকৰ্ষণীয় কৰি তুলিছে। উদাহৰণস্বৰূপে উপন্যাস খনৰ মাজত কিছুমান বাক্য দেখিবলৈ পোৱা যায় এনেধৰণৰ---"......যাৰ হাত-ভৰি,কলাফুলৰ বৰণ জোনাক ৰাতি জগলীয়াৰ বুকুত পৰা পোহৰৰ দৰে কোমল", "......এডোখৰ শুকান হাড়ৰ দৰে পৰা আছিল জগলীয়া নদী" ইত্যাদি।
                       'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' উপন্যাস খনৰ বাস্তৱ সমাজৰ ঘটনাবোৰে পাঠকক ব্যথিত কৰি তোলে।এয়াই ঔপন্যাসিকাৰ উপন্যাসখন ৰচনাৰ ক্ষেত্ৰত সফলতা বুলি ক'ব পাৰি। উপন্যাসখনৰ মুখ্য উপজীৱ্য হৈছে ঔপন্যাসিকাই বাস্তৱ জীৱনত লগ পোৱা কেইজনমান ব্যক্তিৰ জীয়া প্ৰতিচ্ছবি।সেয়ে 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' মাথোঁ এখন সৰ্বোৎকৃষ্ট উপন্যাস নহয়,ই এটা যুগৰ সঁচা দলিল।

                  
                     

Thursday, 29 August 2024

বকুল ফুলৰ দৰে

 বুকুৰ মাজত সোমাই পৰিল অসীম,নিৰ্মল আৰু!!!!!!!! আৰু অনুভৱ মাষ্টৰ।গ'ম নোপোৱাকৈয়ে বহু বাৰ উচুপি উঠিছিলোঁ,নিজক বিচাৰি পাইছিলোঁ আৰু পাইছিলোঁ অতীতক।কেৱল আমিয়েই নে,নহয় সকলো পাঠকেই ক'ৰবাত নহয় ক'ৰবাত নিজক,নিজৰ পৰিচিত মানুহক বিচাৰি পাব। কোনোবা হয়তো অনুশোচনা, আত্মগ্লানিতো ভুগিব,যিদৰে মহেন্দ্ৰ মাষ্টৰ ভুগিছিল। বহুতেই আকৌ সাহ পাব জীৱন জীয়াবলৈ,আনক জীয়াই ৰাখিবলৈ।এবাৰ পাত মেলি ল'লে আধা পঢ়াকৈ কোনোপধ্যেই এৰিব নোৱাৰি।এক গভীৰ জীৱনবোধ দি থৈ গ'ল উপন্যাস খনে। সকলোৰে জীৱনত অনুভৱ মাষ্টৰৰ দৰে এগৰাকী শিক্ষকৰ বৰ প্ৰয়োজন,বৰ প্ৰয়োজন। কেৱল কিশোৰেই নে?ওহো নহয়;সকলো বয়সৰ মানুহেই;শিক্ষক, ছাত্ৰ সকলোৱেই এই কিতাপখন এবাৰ পঢ়াটো দৰকাৰী।অন্ততঃ মানুহক মানুহ কৰি জীয়াই ৰাখিবলৈ,নিজে মানুহ হৈ থাকিবলৈ এইখন এবাৰ পঢ়াটো দৰকাৰী।